ডিব্ৰুগড়ত কৰ’ণাত আক্ৰান্ত হৈ কৰুণ মৃত্যু অএনজিচিৰ অভিযন্তাৰ

April 18, 2021 0 By Biraj Kalita

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিন ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। লগতে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

এইবাৰ কৰ’ণাই প্ৰাণ কাঢ়ি নিলে অসমৰ এগৰাকী অভিযন্তাৰ।

কৰ’ণাই প্ৰাণ লোৱা অভিযন্তা গৰাকী হ’ল ৰাজীৱ হাজৰিকা।

মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স হৈছিল ৫১ বছৰ।

কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মধুমেহ ৰোগতো আক্ৰান্ত হৈ থকা হাজৰিকাই বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল।