ডিভাইডাৰত খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰিল নৈশ বাছ

November 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দিয়াই পথৰ ওপতৰে বাগৰিল পৰিল নৈশ বাছ।

নগাঁৱৰ শেনছোৱাৰ বিৰহ বেবেজীয়াত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

শুকুৰবাৰে পুৱতি নিশা নগাঁও বিৰহ বেবেজীয়াত এই নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হয়।

নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এএছ০১ এফচি৭৭৮৮ নম্বৰৰ বাছখনে ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে।

দুৰ্ঘটনাটোত নৈশ বাছখনৰ বিস্তৰ ক্ষতিসাধন হয়।

বহু সময় ধৰি পথটোত যাতায়াত বন্ধ হৈ পৰাত পিছত আৰক্ষী প্ৰশাসনৰ সহযোগত বাছখন উদ্ধাৰ কৰি পথটো যাতায়াতৰ বাবে মুকলি কৰি দিয়ে।

দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰিব পৰা হোৱা নাই।

লগতে চাওকঃ চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল