ডিমাপুৰৰ পৰা উভতাৰ পথত নিৰুদ্দেশ যুৱক

December 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁও জিলাৰ জুৰীয়াৰ দীঘলিআটিত কিশোৰ নিৰুদ্দেশ।

বহিঃ ৰাজ্যৰ পৰা কাম কৰি উভতাৰ পথত নিৰুদ্দেশ কিশোৰজন।

গাঁওখনৰ অভিজিৎ বৰদলৈ (১৭) নামৰ যুৱকজন গাঁৱৰে আন কেইজনমান সমনীয়াৰ সৈতে জুৰীয়াৰ শ্বফিকুল ইছলাম নামৰ এজন ঠিকাদাৰৰ দায়িত্বত ডিমাপুৰলৈ গৈছিল শ্ৰমিক হিচাপে।

ঘৰখনত থকা-খোৱাৰ অসুবিধাৰ বাবেই এসপ্তাহৰ পাছতে যোৱা ৩ ডিচেম্বৰত ৰে’লেৰে তেওঁলোক ঘৰলৈ উভতি অহাৰ পথত লামডিং ষ্টেচনৰ পৰাই লগৰকেইজনৰ সৈতে লগ হেৰাই যায় অভিজতৰ।

লগৰ কেইজনে ফোন কৰাত আন এখন ৰে’লেৰে ঘৰলৈ গৈ আছো বুলি জনাই যদিও তাৰ পিছৰে পৰাই তেওঁৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

আজি তিনিদিনেই কিশোৰজন নিৰুদ্দেশ হৈ আছে।

কোনো সদাশয় ব্যক্তিয়ে কিশোৰজনৰ সম্ভেদ লাভ কৰিলে ৬০০১৪-১৯৮৫৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰলোকে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল