ড্ৰাগছসহ কুখ্যাত ব্যৱসায়ী আজমল হুছেইনক গ্ৰেপ্তাৰ…

March 12, 2022 0 By Biraj Kalita

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

পুনৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ এজন ড্ৰাগছ ব্যৱসায়ী।

বটদ্ৰৱাৰ আমলখিৰ পৰা গ্ৰেপ্তাৰ আজমল হুছেইন নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক।

ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩.২০ গ্ৰাম ড্ৰাগছৰ লগতে বহু কেইটা কণ্টেইনাৰ।

বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক জেৰা অব্যাহত ৰাখিছে।