ড্ৰাগছৰ পিছত এইবাৰ গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গাঞ্জাসহ এজনক আটক…
June 5, 2021ড্ৰাগছৰ পিছত এইবাৰ আৰক্ষীয়ে নামিছে গাঞ্জা অভিযানত।
চৌদিশে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ সৈতে জড়িত ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে আটক কৰাৰ সময়তে এইবাৰ গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত এজন ব্যক্তিক ছয়গাও আৰক্ষীয়ে আটক কৰিছে।
ছয়গাঁও আৰক্ষীৰ সফল অভিযানত শুক্ৰবাৰে নিশা কানহাৰা গাওৰ গাঞ্জা ব্যৱসায়ৰ লগত জড়িত ইছামুদ্দিন নামৰ এজন ব্যক্তিক আটক কৰিছে৷
আটকাধিন ইছামুদ্দিনৰ ঘৰৰ পৰা আৰক্ষীয়ে পাচশ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷
ছয়গাঁও আৰক্ষীৰ চক্ৰ পৰিদৰ্শক সোণ শৰ্মা, ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰু গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমেন্দ্ৰ সিনসাৰ লগতে গৰৈমাৰীস্থিত এচ এচ বিৰ সহযোগত কানহাৰা গাও নিবাসী ইছামুদ্দিনক আটক কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
লগতে চাওকঃ