ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ৮টা ড্ৰাগছৰ কণ্টেইনাৰসহ আৰক্ষীৰ জালত এজন…
June 8, 2021ছয়গাঁৱৰ মহাবীৰ পথাৰত বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷
৮টা ড্ৰাগছৰ কণ্টেইনাৰসহ আটক এঝন।
কামৰূপ জিলাৰ ছয়গাঁও আৰু বকো সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত আৰক্ষীয়ে অব্যাহত ৰাখিছে বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অভিযান৷
ছয়গাঁও, বকো থানাৰ উপৰি গৰৈমাৰী, জোৰশিমুলী আৰু সোণতলী আৰক্ষীয়ে ইতিমধ্যে এলানি অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে কেবাজনো ড্ৰাগছ আসক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠাবলৈ সমৰ্থ হোৱাৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ৷
ছয়গাঁও থানাৰ অ’চি কপিল পাঠকৰ নিৰ্দেশত জোৰশিমুলী আৰক্ষীয়ে মঙলবাৰে বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান৷
আৰক্ষীৰ অভিযানত মহাবীৰপথাৰ গাঁৱৰ ড্ৰাগছ সৰবৰাহকাৰী মহিদুল ইছলাম (৩৫) নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়৷
ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ৮টা কণ্টেইনাৰ জব্দ কৰ৷ ধৃত যুৱকজনক সম্প্ৰতি জোৰশিমুলী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।