ড্ৰাগছ ব্যৱসায়ীক জে’ললৈ নপঠিয়াব, সিহঁতক গুলীয়াই মাৰক-দুই পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান…

July 19, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হৈছে ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিনষ্টকৰণ অভিযান।

ইতিমধ্যে অসম আৰক্ষীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ দাহ কৰিলে কোটি কোটি টকাৰ ড্ৰাগছ।

দেওবাৰে বঢ়মপুৰত ড্ৰাগছ দাহন কাৰ্যসূচী উপলক্ষ্যে অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীৰ সন্মুখত হুকহুকাই কান্দি উঠিল এগৰাকী ভুক্তভোগী পিতৃ।

নগাঁৱৰ মৰিকলঙৰ বাবুল আহমেদ নামৰ পিতৃগৰাকীয়ে ড্ৰাগছৰ বাবে অকালতে হেৰুৱাব লগা হৈছিল দুই পুত্ৰক।

পিতৃ গৰাকীয়ে কয়- ‘ড্ৰাগছ ব্যৱসায়ীক জে’ললৈ নপঠিয়াব। সিহঁতক ধৰি গুলীয়াই মাৰক। নহ’লে মোৰ দৰে বহু পিতৃয়ে নিজ সন্তানক হেৰুৱাব। সিহঁতে জে’লৰ পৰা ওলাই আহি আকৌ ড্ৰাগছ বেচিব। ড্ৰাগছৰ বাবেই মই মোৰ দুই পুত্ৰক হেৰুৱালোঁ।’

আনহাতে, ড্ৰাগছৰ বাবেই নিজৰ জীৱন ধ্বংস হোৱাৰ কথা সুঁৱৰি বঢ়মপুৰ গোমোঠাগাঁৱৰ যুৱক বেদান্ত বৰাই কয়- ‘ড্ৰাগছৰ বাবেই মই চাকৰি হেৰুৱালো। মা, দেউতা, পত্নীক বেয়া ব্যৱহাৰ কৰিলোঁ। কিন্তু এতিয়া মই নিচামুক্তি কেন্দ্ৰ খুলি আন ১০জনক ভাল কৰাৰ চেষ্টা কৰিছো।’

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- ‘অপৰাধীৰ পক্ষ লোৱা বিৰোধী দলৰ বিধায়ককেইজনে এই সকল ব্যক্তিৰ মৰ্মবেদনা উপলব্ধি কৰক আৰু ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজত আমাক সমৰ্থন কৰক।’

উল্লেখ্য যে, দেওবাৰে নগাঁৱৰ বঢ়মপুৰত নগাঁও আৰক্ষীয়ে জব্দ কৰা ৩৬ কোটি টকাৰ ড্ৰাগছ ধ্বংস কৰে মুখ্যমন্ত্ৰীয়ে।