ড্ৰাগছ সৰবৰাহত জড়িত IRBN জোৱান, ২ জােৱানসহ আটক ৩

July 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিল অৰুণাচল প্ৰদেশৰ পঞ্চম ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ জোৱান।

তেনে সৰবৰাহকাৰী জোৱানৰ লগতে এজন সাধাৰণ লোকক ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ সেৱনৰ বাবে গ্ৰেপ্তাৰ কৰিছে অৰুণাচল প্ৰদেশৰ পাচিঘাট আৰক্ষীয়ে।

পাচিঘাট আৰক্ষীয়ে এনডিপিএছ আইনৰ ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। তেওঁলোকৰ পৰা ব্ৰাউন চুগাৰ (হিৰোইন) বুলি সন্দেহ কৰা ৬৭.২৩ গ্ৰাম নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি- “আমি ড্ৰাগছ সৰবৰাহত দুজন আইআৰবিএন কৰ্মচাৰীৰ জড়িত থকাৰ সন্দৰ্ভত তথ্য লাভ কৰি আছিলো। তেওঁলোকক পঞ্চম আইআৰবিএনৰ মুখ্য বিষয়া আৰু অন্যান্য বিষয়াসকলে শেহতীয়াকৈ পুনৰ্সংস্থাপনৰ বাবে পৰামৰ্শ দিছিল। তাৰে আঠজন পঞ্চম আইআৰবিএন জোৱানক অসমৰ মাৰ্ঘেৰিটালৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু সেই পদক্ষেপ সঠিক বুলি বিবেচিত নহ’ল।”

তথ্য অনুসৰি, পঞ্চম আইআৰবিএনৰ বিষয়াসকলক দুজন জোৱানৰ চলাচল সন্দৰ্ভত নিৰীক্ষণৰ বাবে শীৰ্ষ বিষয়াৰ দ্বাৰা সতৰ্ক কৰা হৈছিল। আৰু সেই অনুসৰি তেওঁলোকক নিষিদ্ধ সামগ্ৰীৰে হাতে লােটে ধৰা পেলোৱা হয়। পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে দুয়োকে পাচিঘাট আৰক্ষীৰ হাতত গতাই দিয়ে আইআৰবিএন কৰ্তৃপক্ষই।

আইআৰবিএনৰ বিষয়াই জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে তাৎক্ষণিকভাৱে নিলম্বিত কৰা হয়। পঞ্চম আইআৰবিএন পাচিঘাটৰ শীৰ্ষ বিষয়াৰ দ্বাৰা তেওঁলোকৰ বিৰুদ্ধে পৰৱৰ্তী বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।