তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

February 17, 2022 0 By NEWS DESK

নিউজ ডেস্ক। তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সমিতিখনে ১৪ ফেব্ৰুৱাৰীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্রদীপ ৰাভা আৰু উপদেষ্টা চিৰাজ ৰুংদুঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰাৰ লগতে সমিতিখনে কার্যভাৰ গ্ৰহণ কৰে।

সমিতিখনক শপত বাক্য পাঠ কৰোৱায় ক্ৰমে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্রদীপ ৰাভা আৰু উপদেষ্টা চিৰাজ ৰুংদুঙে।

উল্লেখ্য যে নিখিল ৰাভ ছাত্ৰ সন্ধাৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক সমিতি আৰু বেতনা ডেফেলী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক বিশেষ প্রতিনিধি সভা।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দীপাংকৰ ৰাভাৰ উপস্থিতিত আৰু অবিভক্ত নলবাৰী জিলা নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰবেন ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত দুয়োখন আঞ্চলিক সমিতিৰ এই বিশেষ প্রতিনিধি সভাত তামুলপুৰ আঞ্চলিক ৰাভা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি পূৰ্ণ সিং ৰাভাক সভাপতি আৰু বেতনা ডেফেলী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ভদ্রেশ্বৰ ৰাভাক সাধাৰণ সম্পাদক হিচাপে লৈ তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হৈছিল।

ইফালে, পূর্ণ সিং ৰাভাৰ সভাপতিত্বত ইয়াৰ পূৰ্বে অনুষ্ঠত এক প্রতিনিধি সভাত ৰাজু ৰাভাক সভাপতি আৰু ৰাহুল ৰাভাক সম্পাদক হিচাপে লৈ তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হয়।

প্রতিনিধি সভাখন উদ্বোধন কৰে তামুলপুৰ আঞ্চলিক ৰাভা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি চবিন ৰাভাই। দুয়োখন সভাতে নিখিল ৰাভা ছাত্র সন্থাৰ বহুকেইগৰাকী প্ৰাক্তন বিষয়ববীয়াৰ উপৰি বহুসংখ্যক শুভাকাংক্ষী উপস্থিত আছিল।