তাৰাপ্ৰসাদ দাসক অগপৰ কেন্দ্ৰীয় কমিটীৰ উপ-সভাপতিৰ দায়িত্ব…

June 25, 2021 0 By Biraj Kalita

অসম গণ পৰিষদৰ নতুন উপ-সভাপতি তাৰা প্ৰসাদ দাস।

অগপৰ কেন্দ্ৰীয় পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাৰ স্বাক্ষৰিত পত্ৰ প্ৰাক্তন মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা ফণিভূষণ চৌধুৰীয়ে তাৰাপ্ৰসাদ দাসৰ হাতত।

২০০১ চনত নিৰ্দলীয় হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল তাৰাপ্ৰসাদ দাস।

সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল দাস।

পৰৱৰ্তীসময়ত কংগ্ৰেছত যোগদান কৰিছিল তাৰাপ্ৰসাদ দাসে।

২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদান কৰিছিল দাসে।

তাৰাপ্ৰসাদ দাসে অসম লোক সেৱা আয়োগৰ অধ্যক্ষৰ দায়িত্বও পালন কৰিছিল।