তিতাবৰত ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহায়ল উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ!

December 11, 2020 0 By NEWS DESK

তিতাবৰত ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহায়ল উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে নিৰ্মাণ কৰা ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে  উদ্বোধন  কৰে মুখ্যমন্ত্ৰীয়ে.

২০১৪ চনত সদ্য প্ৰয়াত তৰুণ গগৈয়ে আধাৰ শিলা স্থাপন কৰিছিল এই সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ।

৭.৫০ কোটি ব্যয় সাপেক্ষ অত্যধুনিক সংগ্ৰহালয় উদ্বোধন কৰি এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সভাত  কৃষি মন্ত্ৰী অতুল বৰা, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,মন্ত্ৰী যোগেন মহন,বিধায়ক মৃণাল শইকীয়া,দক্ষিণ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী প্ৰমুখ্যে বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।