তিনিচুকীয়া জিলা আছুৰ উপ-সভাপতিক প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ

October 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ আছুৰ উপ-সভাপতি বিপ্লৱ নেওগক প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ।

তিনিচুকীয়া জিলাৰ উপ-সভাপতি বিপ্লৱ নেওগক তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হয় বুলি জানিব দিয়ে তিনিচুকীয়া জিলাৰ আছুৰ সভাপতি ৰাজাব আলিম আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইৰ স্বাক্ষৰিত এক প্ৰেছ বিবৃতিৰ জৰিয়তে।

বিবৃতিত উল্লেখ কৰা অনুসৰি, সামাজিক মাধ্যমত বিভিন্ন মন্তব্যৰ জৰিয়তে সংগঠনৰ ভাৱমূৰ্তি ম্লান কৰাৰ লগতে সংগঠন বিৰোধী কামত লিপ্ত হোৱা হেতুকে শুকুৰবাৰ পৰা সংগটনটোৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে।