তিনিদিনৰ মূৰত ঘন জংঘলৰ মাজত উদ্ধাৰ গড়ভঙা বনাঞ্চলৰ পৰা অপহৃত দুই ব্যৱসায়ী…

July 3, 2021 0 By Biraj Kalita

তিনিদিনৰ মূৰত উদ্ধাৰ গড়ভঙা বনাঞ্চলৰ পৰা অপহৃত দুই ব্যৱসায়ী।

ৰাণীৰ ঘন জংঘলৰ পৰা উদ্ধাৰ অপহৃত জয়ন্ত কছাৰী আৰু কুশল কলিতাক।

বুধবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল দুই ব্যৱসায়ী।

ইপিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হলেশ্বৰ তিমুঙ নামৰ এজন অপহৰণকাৰীক।

আনহাতে পলাই সাৰে কেইবাজনো অপহৰণকাৰী।

নুনমাটিৰ দুজন ঠিকাদাৰ কৰ্মৰত অৱস্থাৰ পৰাই সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

বুধবাৰে গড়ভঙাৰ কৰ্মস্থলীৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰিছিল ঠিকাদাৰ দুজনক৷

গছ ৰোপনৰ কাম চাবলৈ গৈ নিখোজ দুয়োজন।

অপহৃত জয়ন্ত কছাৰী বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ খুলশালী তথা BTC ৰ পুৰ্বৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীৰ ভাতৃ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে চলাইছিল অভিযান।