তিনি কুখ্যাত গঁড় চিকাৰীক বিচাৰি আৰক্ষীৰ ব্যাপক প’ষ্টাৰিং
February 12, 2022নিউজ ডেস্ক। ৰাজ্যত গঁড়ৰ চােৰাং চিকাৰ প্ৰতিৰােধৰ লক্ষ্যৰে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান।
এইবাৰ গঁড় চিকাৰীৰ সন্ধান বিচাৰি সামাজিক মাধ্যমৰ লগতে ৰাজহুৱা স্থানত ব্যাপকভাৱে প্ৰচাৰত নামি পৰিছে আৰক্ষী।
উল্লেখ্য যে ২ ফেব্ৰুৱাৰীত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে তিনিটাকৈ কুখ্যাত চােৰাং চিকাৰীৰ ফটাে প্ৰকাশৰ লগতে সন্ধান দিওঁতালৈ ২-২ লাখ টকাৰ পুৰস্কাৰ প্ৰদানৰ ঘােষণা কৰিছিল।
।। নগদ ৫ লাখৰ পুৰস্কাৰ।।- বিশেষ ঘোষণা।।
— GP Singh (@gpsinghips) February 2, 2022
।।গঁড়ৰ খৰ্গ উদ্ধাৰ হব পৰাকৈ কোনোৱে তথ্য দিলে নগদ ৫ লাখ টকাৰ পুৰস্কাৰ পাব।। @assampolice @assamforest @kaziranga_
লগতে গঁড়ৰ খৰ্গৰ সন্ধান দিব পৰা খবৰ দিওঁতালৈ নগদ ৫ লাখ টকা প্ৰদানৰাে ঘােষণা কৰিছে বিষয়াগৰাকীয়ে।
ইপিনে, শেহতীয়াকৈ এই তিনি কুখ্যাত গঁড় চিকাৰীক বিচাৰি ব্যাপক হাৰত প’ষ্টাৰিং কৰাৰ লগতে মাইকৰ জৰিয়তে ৰাজহুৱাকৈ ঘােষণা কৰিছে।
গঁড় ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধী কেইজনক কৰায়ত্ব কৰিবলৈ বিচাৰি থকা হৈছে।সঠিক খৱৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাখ টকাৰ পুৰস্কাৰ – আতাউৰ ৰহমান ওৰফে বাচা, ৩৫ বছৰ
— GP Singh (@gpsinghips) February 2, 2022
পিতা-মহম্মদ ইফাৰ আলি
গাঁও- ১ নং আদাভেটি
থানা- চটিয়া pic.twitter.com/YXo4ME1jsn
আৰক্ষীয়ে সন্ধান বিচৰা তিনি চােৰাং চিকাৰী কেইটা হৈছেঃ চতিয়া থানাৰ অন্তর্গত দুই নম্বৰ আদাভেটীৰ মিলনপুৰ গাঁৱৰ আচমত আলী ওৰফে নালকো(৩৫), এক নম্বৰ আদাভেটীৰ আতাউৰ ৰহমান ওৰফে বাচা(৩৫) আৰু এক নম্বৰ আদাভেটীৰ আব্দুল মতিন ওৰফে কালা(৩৬)।
গঁড় ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধী কেইজনক কৰায়ত্ব কৰিবলৈ বিচাৰি থকা হৈছে।সঠিক খৱৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাখ টকাৰ পুৰস্কাৰ – আব্দুল মটিন ওৰফে কালা
— GP Singh (@gpsinghips) February 2, 2022
বয়স-৩৬ বছৰ
পিতা- মহম্মদ ইছমাইল আলি
গাঁও-১ নং আদাভেটি
থানা- চটিয়া
জিলা- বিশ্বনাথ pic.twitter.com/oWzcwqgBVP
সন্ধান দিওঁতালৈ নগদ দুই লাখকৈ টকা দিয়াৰ কথা ঘোষণা হৈছিল চিকাৰীকেইজনৰ হাতত থকা খৰ্গৰ সন্ধান দিয়াজনক পাঁচলাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।
উল্লেখ্য যে জি পি সিঙৰ টুইটৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে পলাতক গঁড় চিকাৰীকেইজনৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে।
চোৰাং চিকাৰীকেইজনৰ সম্ভেদ বিচাৰি পৰিয়াল তথা আত্মীয় লোকক থানালৈ আনি সোধ-পোছ অব্যাহত ৰাখিছে।
গঁড় ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধী কেইজনক কৰায়ত্ব কৰিবলৈ বিচাৰি থকা হৈছে।
— GP Singh (@gpsinghips) February 2, 2022
।সঠিক খৱৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাখ টকাৰ পুৰস্কাৰ – আছমত আলি ওৰফে নালকো ৩৫ বছৰ
পিতা- মহম্মদ আজিবোৰ ৰহমান
গাঁও- মিলনপুৰ ( ১নং আদাভেটি)
থানা- চটিয়া
জিলা- বিশ্বনাথ, অসম pic.twitter.com/wPksuOg6b2
তথাপিও তেওঁলােকৰ বিষয়ে কােনাে বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।
পলাতক চিকাৰীকেইজনৰ সম্ভেদ বিচাৰি চতিয়া আৰক্ষীয়ে চতিয়া অঞ্চলৰ বিভিন্ন স্থানত চিকাৰীকেইজনৰ ফটো সম্বলিত প’ষ্টাৰ আৰে প’ষ্টাৰিং কৰাৰ লগতে আৰক্ষীয়ে মাইক যোগে চিকাৰীকেইজনৰ সম্ভেদ দিবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে।