তিনি কোটি টকা মূল্যৰ হেৰ’ইনসহ স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ

October 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কাছাৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত জব্দ হ’ল প্ৰায় ৩কোটি টকা মূল্যৰ হেৰ’ইন।

অসম-মণিপুৰ সীমান্তৰ জিৰিঘাটৰ লক্ষীপুৰত অভিযান চলাই আৰক্ষীয়ে ৫০৮ গ্ৰাম হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে এক দম্পতীক।

ধৃত স্বামীৰ নাম ৰাজেশ সিং (৩০) আৰু পত্নীৰ নাম ক্লেৰি চিলেইলাম (২৭)।

এম এন-০১ এ জি-৭৯৯৬ নম্বৰৰ ইকো ভানেৰে মণিপুৰৰ পৰা জিৰিঘাট প্ৰৱেশ কৰাৰ পিছতেই স্বামী-স্ত্ৰী জালত পৰে কাছাৰ আৰক্ষীৰ।

বাহনৰ তালাচীৰ সময়ত ৪০টা চাবোনৰ পেকেটত উদ্ধাৰ হয় হেৰ’ইন।

আৰক্ষীয়ে ৬৭৫টা টোপনিৰ টেবলেটো উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে বৰাক উপত্যকাতো সম্প্ৰতি নিচাযুক্ত দ্ৰৱ্যৰ ৰমৰমীয়া বেহা চলি আছে। ফলত যুৱ প্ৰজন্মলৈ নামি আহিছে বিপদ সংকেত। সেয়ে ৰাইজে আৰক্ষীক এইক্ষেত্ৰত কঠোৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

লগতে চাওকঃ

ড্ৰাগছ সৰবৰাহত জড়িত আছাম ৰাইফলছৰ জোৱান, ৩জন জোৱানসহ ৪জন গ্ৰেপ্তাৰ, জব্দ ড্ৰাগছ…