তিহাৰ জেলৰ পৰা দেবাংগনা কলিতাক তাৎক্ষণিকভাৱে মুকলি কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ…

June 17, 2021 0 By Biraj Kalita

তিহাৰ জেলৰ পৰা দেবাংগনা কলিতাক তাৎক্ষণিকভাৱে মুকলি কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

দেবাংগনা কলিতাসহ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ নিৰ্দেশ দিলে দিল্লী ন্যায়ালয়ে।

দিল্লীৰ ন্যায়ালয়ে দেবাংগনা কলিতা, নাতাশা নাৰৱাল আৰু আছিফ ইংকবাল তানহাক উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ ষড়যন্ত্ৰৰ গোচৰৰ শুনানি গ্ৰহণৰ পাছত এই ৰায় প্ৰদান কৰে।

তিনিওজনৰে জামিন প্ৰদানৰ দুদিন পাছত এই নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে।

তেওঁলোকক ২০২০চনৰ মে’ মাহতে গ্ৰেপ্তাৰ কৰা হৈছিল। তিনিওজনৰ বিৰুদ্ধে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত বুলি অভিযোগ উত্থাপন হৈছিল, য’ত ৫৩ জন লোক নিহত আৰু ২০০ ৰো অধিক লোক আহত হৈছিল।