তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে চাইকেল, ১১ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

January 31, 2022 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ ট্ৰেক্টৰ চালকৰ দৌৰাত্ম্যৰ বাবেই প্ৰাণ গ’ল এগৰাকী নিষ্পাপ শিশুৰ।

চাইকেল চলাই থকা অৱস্থাত ১১ বছৰীয়া শিশুক মহটিয়াই নিলে মাটি কঢ়িওৱা তীব্ৰেবেগী ট্ৰেক্টৰে।

এই শােকাৱহ ঘটনাৰ স্থান বৰপেটা জিলাৰ সৰ্থেবাৰী।

বৰপেটাৰ সৰ্থেবাৰীৰ ক্ষুদ্ৰ ফালাদিত সংঘটিত হয় উক্ত শোকাৱহ ঘটনাটো।

সৰ্থেবাৰীৰ দেহকুছি চেঙা পথত চাইকেল চলাই থকা অৱস্থাত অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰে খুন্দিয়ায় ৰুবুল আলী নামৰ শিশুটিক।

লগে লগে ট্ৰেক্টৰৰ চেপাত চাইকেলসহ ৰুবুল আলী সোমাই পৰে।

ততাতৈয়াকৈ স্থানীয় ৰাইজে ৰুবুল আলীক উদ্ধাৰক কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।