তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান

February 20, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্য অব্যাহত থকাৰ মাজতে এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ ২নং ৱাৰ্ডত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।

এখন শিল কঢ়িয়াই অনা ডাম্পাৰে মহটিয়াই নিলে এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে আৱাস।

জানিব পৰা মতে, এ এছ ০৪ বি চি ৪৮০১ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই আমগুৰি নগৰৰ ২নং ৱাৰ্ডৰ আনন্দ কলিতাৰ বাসগৃহৰ লগতে ব্যৱসায় প্রতিষ্ঠানখন মহতিয়াই নিয়ে।

উল্লেখ্য, পুৱতি নিশাৰ বাবে উক্ত সময়ত ব্যৱসায়িক প্রতিষ্ঠানখনত কোনো লোক নথকাৰ বাবে সৌভাগ্যক্রমে কোনো লোক হতাহত নহ’ল।