তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে আৰক্ষী জোৱানৰ বাইক

August 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কাৰ্বি আংলং-হোজাই জিলাৰ সীমান্তৱৰ্তী এলেকাত পথ দুৰ্ঘটনা।

এখন তীব্ৰ বেগী ডাম্পাৰে মহটিয়ালে এজন কৰ্মৰত আৰক্ষী জোৱানক।

নিজৰ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাতে মহতীয়ালে ডাম্পাৰে।

কথমপি প্ৰাণ ৰক্ষা কিশোৰ দৈমাৰী নামৰ আৰক্ষী জোৱানজন।

হোজাই জিলাৰ ডবকা আৰক্ষী চকীৰ অন্তৰ্গত লক্ষ্মী কেম্প নামৰ ঠাইত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

কাৰ্বি আংলঙৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত এ এছ ০৯ এফ৪৬৩১ নম্বৰৰ বাইকখনত পিছফালৰ পৰা ডাম্পাৰখনে খুন্দা মাৰি পলায়ন কৰে।

বৰ্তমান আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজন ডবকা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

নিজ গৃহৰ পৰা কৰ্মস্থানলৈ গৈ থাকোতেই সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।

জানিব পৰামতে তেওঁ নগাঁও এছ পি অফিচত কৰ্মৰত।