তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে দুই যুৱকক, নিহত ১

November 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে তীব্ৰবেগী ডাম্পাৰৰ সন্ত্ৰাস।

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত কালুগাঁও চিৰাখুন্দাত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এখন ডাম্পাৰে দুজন যুৱকক মহটিয়াই থৈ যায়। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যুৱক দুজন।

সীমান্ত চেতীয়া নামৰ যুৱকজন শিৱসাগৰৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।

সীমান্ত চেতীয়াৰ ঘৰ হৈছে কালুগাঁৱৰ দাধৰা গাঁওত।

সীমান্ত চেতীয়া আৰু লগত বাবু গগৈ নামৰ যুৱকজনে চিৰাখুন্দালৈ আহি থকা অৱস্থাতে এখন ডাম্পাৰে মহটিয়াই থৈ ডাম্পাৰখন পলাই যাবলৈ সক্ষম হয়।