তীব্ৰবেগী ডাম্পাৰৰ সৈতে ভয়ংকৰ সংঘৰ্ষ ভাৰতীয় সেনাৰ বাহনৰ

January 7, 2022 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ দুৰ্ঘটনাৰ ঘটনা।

কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাতিপুৱা প্ৰায় ৯ বজাত ভাৰতীয় সেনাৰ বাহন আৰু দ্ৰুতবেগী এখন ডাম্পাৰৰ মাজত দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, ভাৰতীয় সেনাৰ গাড়ীখন বকোৰ পৰা গুৱাহাটী অভমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা ডাম্পাৰখনে আন এখন ডাম্পাৰক গোৱৰ্দ্ধনত অতিক্ৰম কৰিব লওঁতেই সেনাৰ গাড়ীখনৰ লগত প্ৰচণ্ড খুন্দা মাৰে ফলত দুয়োখন গাড়ী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সোমাই যায়।

দুৰ্ঘটনাটোত সেনাৰ বাহনখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ গাড়ীখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি ভাৰতীয় সেনাৰ দলটোৱে প্ৰকাশ কৰে।

লগতে চাওকঃ

চান্দা তুলি শিল্পীক ধন দিব নালাগেঃ জুবিন গাৰ্গ