তীব্ৰবেগী বাইকৰ খুন্দাত শিক্ষকৰ কৰুণ মৃত্যু
October 10, 2021নিউজ ডেস্ক। শিৱসাগৰ জিলাৰ নাজিৰাত এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন শিক্ষকৰ।
জানিব পৰা মতে, দিন দুপৰতে নাজিৰা নগৰৰ পাভ দলঙৰ সমীপত সুন্দৰ পুখুৰীৰ ভৱেন হাজৰিকা নামৰ শিক্ষকজনে পথত খোজ কাঢ়ি গৈ থকা অৱস্থাত দ্ৰুতবেগী বাইকে মহতীয়াই নিয়ে।
হাস্পতাললৈ নিয়াৰ পথতে শিক্ষকজনৰ মৃত্যু হয়।
ইপিনে, চিকিৎসালয়ৰ পৰা পলায়ন কৰে ঘটনা সংঘটিত কৰা দুই যুৱক।
বাইক চালকৰ দৌৰাত্মৰ বাবেই সংঘটিত হ’ল এই কৰুণ ঘটনা।