তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাতঃ ভ্ৰমণলৈ যােৱা দুজন লােকৰ মৃত্যু

November 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত কৰুণ মৃত্যু প্ৰাতঃভ্ৰমণলৈ যােৱা দুজন লােকৰ।

ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপন চকলীয়াত সংঘটিত হৈছে এই দুৰ্ঘটনা।

জানিব পৰা মতে, এ এছ ০৩এ বি ২৩১২ নম্বৰৰ টাটা টিয়াগ’ বাহনখনে গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

উল্লেখ্য যে ৰাতিপুৱা প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত চেপন মৌজাৰ মৌজাদাৰ পদ্মধৰ দত্তৰ জ্যেষ্ঠ ভাতৃ লীলা দত্ত (৭০) আৰু জ্যেষ্ঠ পুত্ৰ ৰন্টু দত্ত (৩৩)ক মহটিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হোৱাত ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৰাণ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে বাহনখনৰ চালক ৰাজীৱ কুৰ্মী (২১) আৰু প্ৰীতম শ্বেখ (২৫)ক আৰক্ষীয়ে আটক কৰিছে।

নিহত লীলা দত্ত চেপন অঞ্চলৰ এজন বিশিষ্ট সমাজ কৰ্মী আছিল।

তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

মানসিক ভাৰসাম্যহীন ব্যক্তিৰ নিৰ্মম আক্ৰমণত আৰক্ষী বিষয়া, ২ সন্তানসহ নিহত ৫