তীব্ৰবেগী বাহনৰ খুন্দাত আহত দম্পতীসহ ৪ জন

January 4, 2022 0 By NEWS DESK

চাবুৱাৰ বালিজান চাইডিঙত পথ দুৰ্ঘটনাত আহত বৃদ্ধসহ চাৰিজন।

AS 06Y 7444 নম্বৰৰ চেন্ট্ৰ’ এখনে খুন্দিয়াই বিছমাইলৰ এহাল দম্পতীক আহত কৰি পলায়ন কৰি প্ৰায় দুই কিলোমিটাৰ নিলগৰ পদপথৰ ষাঠি ঊৰ্ধ্বৰ এগৰাকী বৃদ্ধ দোকানীক খুন্দিয়ায়।

অচিলা সিং নামৰ ৬০ ঊৰ্ধ্বৰ চানা বিক্ৰী কৰা বৃদ্ধগৰাকী দূৰৈত উফৰি পৰাত সংকটজনক অৱস্থাত টাটা ৰেফাৰেল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

বৃদ্ধগৰাকীৰ কাষতে পাচলি ব্যৱসায়ী এগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

আনহাতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা জীপাল কেওট আৰু বুধলি কেওট নামৰ দম্পতীহালক খুন্দিয়াই থৈ অহা বাহিখনৰ চালকগৰাকীৰ নাম সঞ্জয় নাগ।

চালকসহ বৃদ্ধ দম্পতীহালক প্ৰেৰণ কৰা হয়।