তীব্ৰবেগী বাহনৰ খুন্দাত ৩ সন্তানৰ মাতৃৰ কৰুণ মৃত্যু

August 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধেমাজীৰ চিমেন চাপৰিত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা।

চিমেন চপৰিৰ জামজিঙত ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী তিনি সন্তানৰ মাতৃ থিতাতে নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

ঘটনাৰ বিৱৰণী মতে, জামজিং গাঁৱৰ নিবাসী সুৰজ দলেৰ পত্নী কল্পনা দলেই বিয়লি ৰাষ্ট্ৰীয় ঘাই পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত ইটানগৰৰ পৰা জোনাই অভিমুখে আহি থকা এ এছ০৯ বি৯১৩৩ নম্বৰৰ তীব্ৰবেগী টাটা টিয়াগ’’ বাহনখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় দুই পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ কল্পনা দলেৰ।

এই পথ দুৰ্ঘটনাত কল্পনা দলেৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।