তীব্ৰবেগী বুলেট বাইকে মহটিয়াই নিলে এজন পথচাৰীক

November 17, 2021 0 By NEWS DESK

কাৰ্বি আংলঙৰ বোকাজানত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

মঙলবাৰে বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত বনষ্পতি অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।

গোলাঘাট দিশৰ পৰা ডিমাপুৰ দিশে গৈ থকা এনএল ০৭ই বি১৭০১ নম্বৰৰ এখন বুলেটে বিপীত দিশৰ পৰা খোজ কাঢ়ি আহি থকা এজন পথচাৰীক খুন্দা মৰাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

পথ দুৰ্ঘটনাটোত বাইক চালক, আৰোহীসহ পথচাৰীজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত বৰপথাৰ আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্ত লোককেইজনক বোকাজান সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰায়।