তেজপুৰ আৰক্ষীৰ বৃহৎ সফলতাঃ মহিন্দ্ৰা ডিলাৰ ডকাইতি কাণ্ডৰ ৬ অভিযুক্তক গ্ৰেপ্তাৰ

April 12, 2022 0 By Biraj Kalita

নিউজ ডেস্কঃ তেজপুৰৰ ডেকাৰগাঁওস্থিত মহিন্দ্ৰা ডিলাৰত ৮ এপ্ৰিলৰ নিশা সংঘটিত ৭ খনকৈ গাড়ী ডকাইতি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ৬ জনক বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

তেজপুৰ আৰক্ষীয়ে চোৰৰ সন্ধানত চলোৱা অভিযান কালত এক গোপন সূত্ৰৰ পম খেদি জোনাইৰ আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত দেওবাৰে অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পৰা এখন বলেৰ’, দুখন বলেৰ’ পিকআপ গাড়ী উদ্ধাৰ কৰি জোনাইলৈ লৈ আনে।

অভিযান কালত গাড়ী চোৰৰ দলটোৰ লগত জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰি ৰখা জোনাই থানালৈ লৈ আহে।

তেজপুৰৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় পি ঘনৱাটে সোমবাৰে আবেলি এখন সংবাদমেল সম্বোধন কৰি কয় যে ডকাইতৰ দলটোৰ সৈতে জড়িত ৬ জন ক্ৰমে, চাহাবুদ্দিন, হাকিম আলী, ৰন্দুক লগ, দুলাল আলী, অজিত জিম আৰু জিয়াওৰ ৰহমানক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যদিও সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ডক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ‍্য যে এই চাঞ্চল‍্যকৰ ডকাইতি কাণ্ডৰ পিছতে কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত দুগৰাকী আৰক্ষী বিষয়াক শাস্তিমূলকভাৱে নিলম্বন কৰা হৈছে।