তেজৰ বোলেৰে লিখি যাম ইতিহাস, মচি যাম দীন সমাজৰ হীন পৰিহাসঃ আজি ৰাভা দিৱস…

June 20, 2021 0 By Biraj Kalita

আজি ২০জুন, ৰাভা দিৱস!

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল।

অসমীয়া জাতিক সমৃদ্ধিশীল হিচাপে গঢ় তোলাৰ বাবে অপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ মৃত্যু দিৱসটোৱেই ৰাভা দিৱস হিচাপে পালন কৰা হয়।

১৯০৯ চনৰ ৩০ জানুৱাৰীত ঢাকাত জন্ম হৈছিল বিষ্ণু ৰাভাৰ। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী।

জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ আছিল যদিও ৰাভা পৰিয়ালত ডাঙৰ হোৱা বাবে তেখেতে ৰাভা উপাধি গ্ৰহণ কৰে।

১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সব্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ’কুইন এমপ্ৰেছ’ পদক লাভ কৰে।

১৯৩৫-৩৭ চনত ৰাভাদেৱে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে লগ হৈ ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।

১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য‘ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে।

ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে।