তৎপৰ জল পৰিবহণ বিভাগ, যাত্ৰীক পিন্ধালে লাইফ জেকেট!
September 10, 2021নিউজ ডেস্ক। নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতেই তৎপৰ হৈ পৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ।
ৰাজ্যৰ বিভিন্ন ফেৰিঘাটত চৰকাৰী ফেৰীৰ যাত্ৰীৰ বাবে বাধ্যতামূলক হ’ল লাইফ জেকেট।
যেন ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি’ বুলি কোৱা কথাষাৰ পুৰামাত্ৰেই খাপ খায় অসম চৰকাৰৰ জল পৰিবহন বিভাগৰ ক্ষেত্ৰত।
কথাষাৰ পুনৰ প্ৰমাণ কৰি দেখুৱালে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।
বুধবাৰে যোৰহাটৰ নিমাতীঘাটত ফেৰী আৰু নাওৰ সংঘৰ্ষৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছতেই যেন হঠাৎ সাৰ পালে বিভাগটোৱে।
শুকুৰবাৰে গুৱাহাটী ফাঁচীবজাৰস্থিত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰীঘাটতাে দেখা গ’ল বিভাগীয় তৎপৰতা।
পুৱাৰে পৰা ঘাটত দেখা গ’ল বিভাগীয় বিষয়া কৰ্মচাৰীৰ ব্যস্ততা। যাত্ৰীৰ প্ৰতি যেন হঠাৎ দায়িত্ব বৃদ্ধি পালে বিভাগৰ।
যাত্ৰীৰ বাবে বহুদিন বিৰতিৰ পিছত ষ্টোৰৰুম খুলি উলিয়াই আনিলে লাইফ জেকেট। কেৱল উলিয়াই আনিয়েই ক্ষান্ত নাথাকি কৰ্মচাৰী-যাত্ৰীক পিন্ধাই দিলে লাইফ জেকেট।
উল্লেখ্য গুৱাহাটী ফাঁচীবজাৰস্থিত আভ্যন্তীৰণ জল পৰিবহণ বিভাগৰ ফেৰিঘাটৰ পৰা সম্প্ৰতি দুখন ফেৰি গুৱাহাটী মধ্যম খণ্ড আৰু দুখন ফেৰি গুৱাহাটী ৰজাদুৱাৰলৈ চলাচল কৰি আছে।
আৰ পি এল বৰলিয়া, এম ভি মেলভিন জনছ, বুঢ়াদিয়া আৰু নামৰ নামৰ এই চাৰিখন ফেৰিৰে নিতৌ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ যাত্ৰী অহা-যোৱা কৰে। কিন্তু কোনো দিনেই যাত্ৰীক লাইফ জেকেট পিন্ধাত কোনো গুৰুত্ব নিদিয়া বিভাগটোৱে নিমাতীঘাটৰ ঘটনাৰ পিছতেই আজি যাত্ৰীক লাইফ জেকেট পিন্ধাবলৈ তৎপৰতা দেখিবলৈ পোৱা গ’ল।