থানাৰ পৰা পলাল গভাইত চোৰ বিষ্ণু থাপা!
October 19, 2021নিউজ ডেস্ক। অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত থকাৰ মাজতে ৰাইজে আৰক্ষীক চমজাই দিয়া এটা গভাইত চােৰ পলাল আৰক্ষীৰ জিম্মাৰ পৰা।
এই ঘটনা ডিব্ৰুগড় জিলাৰ দুলীয়াজান আৰক্ষী থানাৰ।
এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
জানিব পৰা মতে, দহহোকটা বাসী ৰাইজে চােৰটােক ধৰি দুলীয়াজান আৰক্ষীক গতাই দিছিল যদিও দুলীয়াজান আৰক্ষী থানাৰ পৰা নিশা পলাই যায়।
স্থানীয় লােকে জনােৱা মতে, এই বিষ্ণু থাপা নামৰ গভাইত চোৰটাৱে বৃহত্তৰ অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল, যাৰ পৰিণতিত উক্ত অঞ্চলবাসী ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছিল।
এই চোৰটােৱে এঘৰ ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰাত ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হৈছিল।