দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ অসুস্থ, হাস্পতালত ভৰ্তি…

June 9, 2021 0 By Biraj Kalita

দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ অসুস্থ।

শিলচৰ গ্ৰীণ হিলছ হাস্পতালত ভৰ্তি কৰোৱা হৈছে দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ চৌধুৰীক।

শাৰিৰীক অসুস্থতাৰ বাবেই বিধায়কগৰাকীক আজি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

বিধায়ক গৰাকীয়ে আজি শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হোৱাৰ বাবেই পৰিয়ালৰ লোকে তেওঁক হাস্পতালত ভৰ্তি কৰোৱায়।

শ্বাস-প্ৰশ্বাসৰ উপৰি তেওঁৰ শৰীৰত সামান্য জ্বৰ আছে বুলিও জানিব পৰা গৈছে। যাৰ বাবে তেওঁৰ ক’ভিড টেষ্টো কৰে।

অৱশ্যে ৰেপিড এন্টিজেন টেষ্টত তেওঁৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে যদিও এতিয়া লৈকে ৰিপ’ৰ্ট অহা নাই আৰ টি পি চি আৰৰ।