দলং নহয় যেন মৰণ ফান্দ, ঠিকাদাৰৰূপী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ…

June 7, 2021 0 By Biraj Kalita

ঠিকাদাৰৰূপী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ।

পঞ্চায়তী কামত হোৱা দুৰ্ণীতিৰ তদন্ত বিচাৰি ৰাইজে কৰিলে এই প্ৰতিবাদ।

নগৰবেৰাৰ ৪৫ নং টুপামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী জবেদা হানুনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপনেৰে সাব্যস্ত কৰে প্ৰতিবাদ।

বদলা পথাৰ কাটাখাল নৈৰ ওপৰত চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে মুঠ আঠ লাখ টকীয়া ফুটব্ৰীজ এখন নিৰ্মান কৰা হৈছিল প্ৰায় ডেৰ বছৰৰ পূৰ্বে। পিছে ফুটব্ৰীজ’ৰ নহয় ,যেন ৰাজপথৰ এখন মৰণ ফান্দহে।

ফুটব্ৰীজ’ নিৰ্মান সম্পুৰ্ণ হ’ল যদিও ৰাইজে নাপালে সুফল ,নিত্য যাতায়তৰ নামত ৰাইজে ভূগিব লগা হ’ল অবৰ্ণনীয় বিপৰ্যয়।

দলং নিৰ্মাণত হোৱা দুৰ্নীতিৰ লিখিত অভিযোগ দিও ফল নধৰাত উপায়বিহীন হৈ ৰাইজে পঞ্চায়ত সভানেত্ৰী জবেদা হানুন আৰু দলং নিৰ্মাণ কমিটিৰ সভাপতি আজিজুল হকৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ।

প্ৰতিবাদৰ যোগেদি ৰাইজে ফুটব্ৰীজ নিৰ্মাণত হোৱা দুৰ্নীতি-অনিয়মৰ তদন্তৰ দাবী উত্থাপন কৰে।