দলং ভাঙি নদীত পৰিল ডাম্পাৰ, ৩জন সন্ধানহীন…
June 29, 2021এক শোকাৱহ ঘটনা।
দলং ভাঙি নদীত পৰিল এখন ডাম্পাৰ, সন্ধানহীন ৩ গৰাকী লোক।
এই ঘটনা সংঘটিত হৈছে অৰুণাচলৰ লিকাবালী-পাংগিংত।
বলেং-পাংগিঙ সংযোগী সংগম দলং ভাঙি পৰাৰ ফলত নদীত ডুব যায় এখন ডাম্পাৰ।
ছিয়াং জিলাৰ সদৰ পাংগিংৰ পৰা বলেঙ হৈ চীন সীমান্ত টুটিং লৈ সংযোগী ঘাইপথচোৱাৰ ওপৰত নিৰ্মাণ কৰা দলং ভাঙি সীমান্ত পথ নিৰ্মাণকাৰী সংস্থাৰ এখন ডাম্পাৰ সহ মুঠ ৩ জন যুৱক চিয়ম নদীৰ সোঁতত উটি যায়।
নদীত সন্ধানহীন তিনি যুৱক হৈছে- ৰাহুল তামাং(২২), ৰঞ্জিত সূত্ৰধৰ(২১) আৰু মিথিংগ বড়ো।
যুৱক তিনিজন অসমৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ছিয়াং আৰু চিয়ন দুখন নদীৰ সঙ্গম স্থলী সংগম নামৰ স্থানত দুপৰীয়া ভাগত BRO ৰ এখন ডাম্পাৰ পাংগিঙৰ পৰা বলেং লৈ পাৰ হোৱাৰ সময়তে লোহাৰ দলং খন ভাঙি নদীৰ বুকুত পৰি যায়।
দলং খন ভাঙি যোৱাৰ ফলত লিকাবালী আৰু বাছাৰ পথ বন্ধ হৈ পৰিছে।