দলঙত ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল অজ্ঞাত বাহন
November 22, 2021নিউজ ডেস্ক। তেজপুৰ কলিয়াভোমোৰা দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
দলঙৰ ১৪ নং খুঁটাৰ ওচৰত ৰেলিং ভাঙি এখন গাড়ী নদীত পৰা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।
কি গাড়ী নদীত পৰিছে সেই সম্পৰ্কে ক’ব পৰা নাই যদিও বৰ্তমানলৈকে এছডিআৰএফ, এনডিআৰএফ আৰু নদী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
নিশা আনুমানিক ৬ বজাতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।