দলঙৰ ৰেলিং ভাঙি দুৰ্ঘটনাত পতিত বালিভৰ্তি ডাম্পাৰ, নিহত এজন

February 4, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত এখন বালিভৰ্তি ডাম্পাৰ।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ডাম্পাৰখনৰ চালকৰ, গুৰুতৰভাৱে আহত হয় হেণ্ডিমেন।

জানিব পৰা মতে, নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিলপাৰ-নাৰিকুছি চ’কৰ সমীপত শুকুৰবাৰে পুৱা ৫ মান বজাত এই দুৰ্ঘটনাটাে সংঘটিত হয়।

ৰৌতাৰ পৰা নলবাৰী অভিমুখে বালি কঢ়িওৱা এএছ-১৪চি-০৪৩৪ নম্বৰৰ বালি কঢ়িওৱা ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ওপৰত থকা এখন দলঙৰ ৰেলিংত পচণ্ড খুন্দা মাৰি কেবাফুট তলত বাগৰি পৰে।

এই দুৰ্ঘটনাৰ ফলত ডাম্পাৰখন বিধ্বস্ত হৈ পৰে। লগতে ডাম্পাৰখনৰ চালক মইনু উদ্দীন আনছাৰ (৪৬) থিতাতে নিহত হোৱাৰ লগতে হেণ্ডিমেন ফৰিদ আলী (৩০) গুৰুতৰ ভাবে আহত হয়।

দুয়ােজনৰে ঘৰ নলবাৰী জিলাৰ কাছিমপুৰত বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ লাভ কৰি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে।

লগতে আহত হেণ্ডিমানজনক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা বাইকৰ, থিতাতে নিহত দুই বাইক আৰোহী