দলঙৰ ৰেলিঙত খুন্দিয়াই দুৰ্ঘটনাত পতিত মেজিক বাহন, নিহত ১

September 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তামুপুৰৰ নাগ্ৰীজুলি বাল্টিনদীৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন।

তামুলপুৰৰ নাগ্ৰীজুলি বাল্টিনদীৰ দলঙত যাত্ৰীবাহী এএছ ২৫ চি চি৬৭৩৪ নম্বৰৰ টাটা মেজিকৰ খুন্দাত নিহত হয় নাগ্ৰীজুলিৰ হাঁহপুৰ নিবাসী গলক ৰাজংশী। ফলত সমগ্ৰ নাগ্ৰীজুলিত শোকৰ ছাঁ পৰিছে।

জানিব পৰামতে, যাত্ৰীবাহী টাটা মেজিকখন তামুলপুৰৰ পৰা নাগ্ৰীজুলি অভিমুখে গৈ থকা অৱস্থাত বাল্টিনদীৰ দলঙৰ ওচৰত থকা ৰেলিঙত খুন্দা মৰাৰ ফলত মেজিকখন পথৰ ওপৰত লুটি খাই পৰে।

ফলত গাড়ীৰ ভিতৰত থকা গলক ৰাজবংশী নামৰ লোকজন চিটিকি পৰাত টাটা মেজিকখনে লোকজনক চেপি ধৰে। লগে লগে গলক ৰাজবংশীৰ মৃত্যু ঘটে।

ঘটনাস্থলিত নাগ্ৰীজুলি আৰক্ষী উপস্থিত হৈ নিহত গলক ৰাজংশীৰ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ নিয়ে।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ অহা কালি প্ৰেৰণ কৰিব বুলি জানিবৈ দিয়ে।

আনপিনে, যাত্ৰীবাহী মেজিকখনৰ চালক সুজন দাস দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে টাটা মেজিকখন নাগ্ৰীজুলি আৰক্ষী চকীলৈ নিয়া বুলি জানিব পৰা গৈছে।