দল ত্যাগ কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ…
June 18, 2021গেৰুৱা বসন পিন্ধিবলৈ সাজু ৰূপজ্যোতি কুৰ্মী।
আজি আনুষ্ঠানিকভাৱে বিধায়ক পদ ত্যাগ কৰাৰ লগতে কংগ্ৰেছ দল ত্যাগ কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
কংগ্ৰেছ দল ত্যাগ কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰূপজ্যোতিয়ে।
তেওঁ কয়- ৰাহুল গান্ধী ব্যৰ্থ নেতা। ৰাহুল গান্ধীৰ নেতৃত্বত ক’ত নিৰ্বাচন জিকিছে বুলি প্ৰশ্ন কুৰ্মীৰ। লগতে কয় যে মোক অসম কংগ্ৰেছে সন্মান নিদিলে। বিধানসভাৰ কোনো এটা দায়িত্ব মোক নিদিলে। চাহ বাগিচাৰ মই অন্যতম কংগ্ৰেছ প্ৰতিনিধি।
আৰু ২ জন বিধায়ক কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ বাবে ঠেং দাঙি আছে বুলি মন্তব্য ৰূপজ্যোতিৰ।
তেওঁ কয় যে কিবা এটা ভাল হওক বুলিয়ে মই পদবী আশা কৰিছিলো। বিৰোধী দলৰ দলপতিও নিদিলে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিও নিদিলে। এতিয়া যিসকলে দায়িত্ব গ্ৰহণ কৰি আছে তেওঁলোকেই দায়িত্ব লওক।
মই দলৰ কথা চিন্তা কৰো, কিন্তু মোৰ সমষ্টিৰ চাকৰি, নিবনুৱা সমস্যা, ৰাস্তা–পদুলিৰ কাম কৰিবলৈ সুযোগ নাপাওঁ, সেইবোৰ বহু কথা চিন্তা কৰিয়ে মই এই সিদ্ধান্ত লৈছো বুলি মন্তব্য ৰূপজ্যোতিৰ।