দাগী আৰক্ষী বিষয়াৰ অভব্য আচৰণ, আদালতত চৌহদত সাংবাদিকক আক্ৰমণ, দলিয়ালে কেমেৰা…

June 17, 2021 0 By Biraj Kalita

গুৱাহাটী মহানগৰীত জব্দ হোৱা ৫০ লক্ষাধিক টকাৰ চোৰাং সোণৰ সৈতে সম্পৰ্ক তথাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা SI বদ্ৰীপ্ৰসাদ বাৰোৱাতীক বুধবাৰে হাজিৰ কৰোৱা হয় কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।

আৰক্ষী বিষয়াজনৰ লগতে আন ৩জন অভিযুক্তকো আদালতত হাজিৰ কৰোৱা হয়।

আদালত চৌহদত সাংবাদিকৰ ওপৰত আক্ৰমণৰ চেষ্টা SI বদ্ৰীপ্ৰসাদ বাৰোৱাতীৰ। 

অভিযুক্ত SIজনৰ আক্ৰমণত ভাঙিল এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ কেমেৰা।

উল্লেখ্য যে, ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল বিষয়াজনৰ। সোধা–পোছাৰ বাবে আটকাধীনসকলৰ ভিতৰত অন্যতম আছিল SI বদ্ৰীপ্ৰসাদ।

মঙলবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা, চেইনসহ দুজন লোকক আটক কৰিছিল। এই ঘটনাৰ পিছতেই ভৰলমুখ আৰক্ষীয়ে আটক কৰিছিল বদ্ৰীপ্ৰসাদ বাৰোৱাতীক।

লগতে চাওকঃ

জন্মদিনতে মিঠুনক জেৰা আৰক্ষীৰ, কিন্তু কিয়?