দােকানৰ স্বত্বাধিকাৰীৰ কামনাৰ বলি এগৰাকী কিশোৰী কৰ্মচাৰী

November 5, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ওদালগুৰি জিলাৰ মাজবাটৰ নাহৰজান চেণ্টাৰত এখন কাপোৰৰ দোকানত কৰ্মৰত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দোকানখনৰ স্বত্বাধিকাৰী ৰাজেন্দ্ৰ পিকে মাদ্ৰাজীয়ে (৬২) দোকানৰ দৰ্জা বন্ধ কৰি ধৰ্ষণ কৰিবলৈ অপচেষ্টা চলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ১নং ৱাৰ্ডৰ নিবাসী ৰাজেন্দ্ৰ পিকে মাদ্ৰাজীয়ে আজি তিনি চাৰি বছৰ আগতে ওদালগুৰি জিলাৰ মাজবাটৰ নাহৰজান চেণ্টাৰত এখন কাপোৰৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰিছিল।

উক্ত দোকানখনতে আজি কিছুদিনৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক কম ধনৰ বিনিময়ত সামগ্ৰী বিক্ৰেতা হিচাপে ৰাখিছিল। কিন্তু কিশোৰীগৰাকীয়ে ঘৰৰ পৰা সদায় যেতিয়া ৰাতিপুৱা গৈ দোকানত উপস্থিত হয় তেতিয়াৰ পৰাই অশালীন ইংগিত দিয়ে।

এই বিষয়ে আজি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

লগতে চাওকঃ ব্যতিক্ৰম পৰম্পৰা! এই বিশেষ পূজাত শিশুক সু-স্বাস্থ্যৰ বাবে শুৱাই দিয়া হয় গোবৰত

সন্ধিয়া ৭ মান বজাত যেতিয়া কিশোৰীগৰাকীয়ে দোকানৰ পৰা ঘৰলৈ আহিব বিচাৰে তেতিয়াই দোকানৰ স্বত্ত্বাধিকাৰীয়ে কিবা উজুহাত দেখুৱাই কিশোৰীগৰাকীক দোকানৰ পিছফালে থকা কোঠালৈ মাতি নি ধৰ্ষণৰ চেষ্টা চলাই।

পিছত ছোৱালীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে দোকানৰ ভিতৰলৈ গৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে ৰাজেন্দ্ৰ পিকে মাদ্ৰাজীক উত্তম-মাধ্যম দি মাজবাট আৰক্ষীক খবৰ দিয়ে।

পিছত মাজবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাজেন্দ্ৰ পিকে মদ্ৰাজীক আটক কৰি থানালৈ লৈ আহে।

পুৱা কিশোৰাগৰাকীৰ পৰিয়ালৰ লোকে মাজবাট থানা ৰাজেন্দ্ৰ পিকে মাদ্ৰাজীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাত মাজবাট আৰক্ষীয়ে লম্পট ৰাজেন্দ্ৰৰ বিৰুদ্ধে গােচৰ ৰুজু কৰি আদালতত হাজিৰ কৰোৱাত আদালতে ৰাজেন্দ্ৰ পিকে মাদ্ৰাজীক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা