দিন ডকাইতঃ বেংকৰ পৰা উলিওৱা ৪ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই…
June 25, 2021মহানগৰীত সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা।
বৃহস্পতিবাৰে এজন ব্যক্তিৰ পৰা কাঢ়ি নিলে ৪ লাখ টকা দুৰ্বৃত্তই।
দীনেশ সিং নামৰ এজন ব্যক্তিয়ে মহানগৰৰ খ্ৰিষ্টান বষ্টিৰ জি এছ ৰোডস্থিত এক্সিছ বেংকৰ পৰা ৪ লাখ টকা উলিয়াই আনিছিল।
তাৰ কিছুসময় পাছতেই এখন মটৰ চাইকেলত অহা দুটা দুৰ্বৃত্তই দীনেশ সিং নামৰ ব্যক্তিজনৰ পৰা কাঢ়ি নিয়ে ধনখিনি।
উল্লেখ্য যে দীনেশ সিঙে বেংকৰ পৰা উলিওৱা টকাখিনি আছিল কুমাৰ এণ্ড চেলছ নামৰ প্ৰতিষ্ঠানটোৰ।
দীনেশ সিং এই প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰী।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।