দিন দুপৰতে অপহৰণ কাণ্ড! অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ…

September 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ হাজোত চাঞ্চল্যকৰ অপহৰণকাণ্ড!

সাহসীকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিল ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰ।

জানিব পৰা মতে, ঘৰৰ পৰা টিউশ্যনলৈ অহাৰ পথত কলিতাকুছিৰ পৰা অপহৃত হয় এগৰাকী ১২ বছৰীয়া ছাত্ৰ।

এগৰাকী স্থানীয় ব্যৱসায়ীৰ পুত্ৰ টিউশ্যনলৈ অহাৰ পথত কলিতাকুছি চ’কত এখন বগা ৰঙৰ চাৰিচকীয়া বাহনত চাৰিজন যুৱকে ছাত্ৰজনক অপহৰণ কৰি নিয়ে।

আনকি গাড়ীৰ ভিতৰত মাৰপিট কৰে ছাত্ৰজনক। কিন্তু নদী মাথাউৰিৰে আহি হাজোৰ সুৰেন দাস কলেজৰ সন্মুখত এক নিৰ্জন ঠাইত গাড়ীখন ৰখোৱাৰ চেগ বুজি অপহৰণকাৰীৰ কবলৰ পৰা পলাবলৈ সক্ষম হয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰগৰাকী।

এটি লুংলুঙিয়া পথেৰে ওলাই আহি কিশোৰগৰাকীয়ে নিৰাপদ ঠাইলৈ গৈ নিজৰ প্ৰাণ ৰক্ষা কৰে।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অপহৃত কিশোৰগৰাকীক লৈ আৰম্ভ কৰিছে তদন্ত।

অতি শীঘ্ৰেই দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে পৰিয়াল তথা আত্মীয় স্বজনে।