দিন দুপৰতে দোকানৰ পৰা টকা চুৰি কৰি ৰঙাঘৰৰ আলহী দুই বন্ধু

July 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ বকাে সমষ্টিৰ নগৰবেৰা টুপামাৰী বজাৰত চাঞ্চল্য।

দোকানৰ কেচ বাকচৰ পৰা টকা চুৰি কৰি ৰঙা ঘৰৰ আলহী হ’ল দুৰ্ধৰ্ষ চোৰ।

চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি আটক কৰিলে দুই চোৰক।

টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰী বজাৰত সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাৰ্য।

বজাৰখনৰ ৱাজেদ আলী নামৰ এগৰাকী পাইকাৰী গেলামালৰ দোকানৰ পৰা দোকানৰ কৰ্মচাৰী আজিজুল হকে কেচ বাকচৰ পৰা টকা চুৰি কৰা সমগ্ৰ দৃশ্য চি চি টিভি কেমেৰাত বন্দী হয়।

আজিজুল হকক সোধ-পোছ কৰাত স্বীকাৰ কৰে চুৰি কাণ্ডৰ কথা।

পূৰ্বেও আজিজুল হক আৰু একে গাঁৱৰে ফুলছান আলী নামৰ দুই বন্ধুই একেখন দোকানৰ পৰা চুৰি কৰিছিল মোটা অংকৰ ধন।

দোকানী আৰু স্থানীয় ৰাইজে লগলাগি দুয়োকো উত্তম-মধ্যম সোধাই গতাই দিয়ে টুপামাৰী আৰক্ষীক।

দোকানী ৱাজেদ আলীৰ অভিযোগ অনুসৰি দোকানখনত পূৰ্বে সংঘটিত হৈছিল একাধিক অনুৰূপ চুৰি কাণ্ড।