দিব্যাংগ যুৱক নিৰুদ্দেশ
July 17, 2021নিউজ ডেস্ক। ওদালগুৰিত এজন দিব্যাংগ যুৱক সন্ধানহীন হোৱা ঘটনা সংঘটিত হৈছে।
ওদালগুৰি জিলাৰ টংলাৰ সমীপৰ চুমোপাৰা পুখুৰীপাৰা গাঁৱৰ নিবাসী হিতেশ্বৰ বড়োৰ পুত্ৰ স্বপন বড়ো যোৱা ১৩ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে।
পৰিয়ালৰ লোকে জনোৱা মতে, স্বপন বড়ো যোৱা ১৩ জুলাইৰ ৰাতিপুৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে।
ৰাতিপুৱা শোৱনি কোঠাত পৰিয়ালে চাওতে স্বপন বড়োক দেখা নাপোৱাত হাহাকাৰৰ লাগি পৰে পৰিয়ালৰ মাজত।
আজিপৰ্যন্ত লোকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই পৰিয়ালৰ লোকে।
উক্ত ব্যক্তিজনৰ কোনো সদাশয় লোকে সম্ভেদ পালে ৯১০১৩-৭১৪৪৭ নম্বৰত বা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।