দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আটক দুটা চোৰাং চিকাৰী
October 27, 2021নিউজ ডেস্ক। ডিগবৈত বন বিভাগৰ অভিযানত দুটা চোৰাং চিকাৰী আটক।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত দুজটা চোৰাং চিকাৰী আটক কৰে জেৰা অব্যাহত ৰাখিছে বন বিভাগে।
ডিগবৈ বন সংমণ্ডলৰ বন বিষয়া মণ্টু চেতীয়াৰ নেতৃত্বত চলিছিল এই অভিযান।
আটকাধীন চিকাৰীদ্বয়ৰ পৰা জব্দ কৰা হয় এটা হস্ত নিৰ্মিত বন্দুক।
দুয়োটা চিকাৰীয়ে পহু চিকাৰ কৰিবলৈ সোমোৱাৰ সন্দেহ বন বিভাগৰ।
আটকাধীন চিকাৰী দুটাৰ নাম ক্ৰমে নৱ গগৈ আৰু হেমন থাপা বুলি জানিব পৰা গৈছে।