দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত শ শ মাছৰ মৃত্যু…
June 27, 2021দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মৃত্যু হৈছে শ শ মাছৰ।
দেওবাৰে পুৱাৰ ভাগতে দীঘলীপুখুৰীত উপঙি উঠে শ শ সৰু-ডাঙৰ মাছ।
মৃত্যু হোৱা এই মাছৰ একোটা মাছৰ ওজন প্ৰায় ১ কেজিৰ পৰা ১০কেজি পৰ্যন্ত।
হঠাতে কিয় এনেদৰে মাছৰ মৃত্যু হৈছে তাক লৈ তদন্ত চলোৱা হৈছে যদিও প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্তত অক্সিজেনৰ মাত্ৰা কম হোৱাৰ ফলতে মৃত্যুৰ আশংকা কৰা হৈছে।
ইফালে স্থানীয় লোকে শনিবাৰে পুৱাৰে ভাগৰে পৰাই পুখুৰীটোত মৰা মাছ উপঙি থকা প্ৰত্যক্ষ কৰিছিল বুলি সদৰি কৰিছে।