দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতেই পথ দুৰ্ঘটনাত এজন বাইক আৰোহীৰ মৃত্যু
November 5, 2021দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে গােলাঘাটত শােকাৱহ পথ দুৰ্ঘটনা।
গােলাঘাটৰ চুঙাজানাত ১নং দগাঁৱত তীব্ৰবেগত অহা বাইক আৰোহী দুজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ পুখুৰীত সোমাই যোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
স্থানীয় ৰাইজ তথা চুঙাজান আৰক্ষীয়ে স্থানীয় যুৱক দুজনক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এ এছ ০৯ এইচ ৩৮৮৭।
আনহাতে, আৰক্ষীৰ মতে দুৰ্ঘটনাগ্ৰস্ত যুৱকদুজনৰ নাম কুন্দন পাচোৱান আৰু আমৃত তাঁতী।
উল্লেখযোগ্য যে দুৰ্ঘটনাত পতিত হোৱা যুৱকদুজনক আৰক্ষী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে কুন্দন পাচোৱান নামৰ যুৱকজনৰ মৃত্যু হয়।