দুঃখবৰ! কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই…
June 3, 2021ৰাজ্যবাসীৰ বাবে আন এক বেয়াখবৰ।
ৰাজ্যবাসীয়ে হেৰুৱালে আন এটি নক্ষত্ৰ।
বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা আৰু নাই।
কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট কথাশিল্পীগৰাকীয়ে
কৰ’ণাত আক্ৰান্ত হৈ আই চি ইউ চিকিতসাধীন হৈ আছিল সাহিত্যিকগৰাকী।
গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ডঃ বৰা।
নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩১ চনত লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল।
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত ‘পাতাল ভৈৰৱী‘ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল
২০১৫ চনৰ ২৬ জানুৱাৰীৰ ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰা হৈছিল বৰাক।