দুঃখবৰ! কৰ’ণাত আক্ৰান্ত হৈ এটি ২৯ দিনীয়া নৱজাতকৰ মৃত্যু…
July 11, 2021ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ।
কৰ’ণাত আক্ৰান্ত হৈ এটি ২৯ দিনীয়া নৱজাতকৰ কৰুণ মৃত্যু।
ডিব্ৰুগড় AMCHত সংঘটিত হৈছে এই ঘটনা।
উল্লেখ্য যে, আনুসংগিক কিছু ৰোগৰ বাবে AMCHত ভৰ্ত্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত শিশুটিৰ শৰীৰত ধৰা পৰিছিল ক’ভিডৰ সংক্ৰমণ।
বৰ্তমানলৈকে AMCHত ৬টি শিশুৰ মৃত্যু হৈছে।
বৰ্তমানেও ১৮টি শিশু কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে চিকিৎসালয়খনত।
নৱজাতকটিৰ অভিভাৱকৰ ঘৰ চাবুৱাত বুলি জানিব পৰা গৈছে।