দুঃখবৰ! কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু জনপ্ৰিয় সংগীত শিল্পী পাৰবীন পৰীৰ…

May 1, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ সংক্ৰমণে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনক ভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ কৰ’ণাই প্ৰাণ ল’লে জনপ্ৰিয় সংগীত শিল্পী পাৰবীন পৰীৰ।

জানিব পৰা মতে, ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীৰ জিএনআৰচিত চিকিৎসাধীন হৈ আছিল গায়িকা গৰাকী।

গায়িকা গৰাকীৰ পিতৃও আক্ৰান্ত হৈছিল ক’ভিডত।

দুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল গায়িকা গৰাকীৰ পিতৃৰ।

এগৰাকী প্ৰতিভাৱান কন্ঠশিল্পী পাৰবীন পৰীৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে অসমৰ সাংস্কৃতিক জগতত।

লগতে চাওকঃ

মৰ্মান্তিক! নীলাক্ষী ভট্টাচাৰ্য্যৰ পাছতে ক’ভিডত প্ৰাণ গ’ল স্বামী কল্যাণ বৰুৱাৰ