দুঃখবৰ, তামুলপুৰৰ UPPLৰ বিধায়ক লেহুৰাম বড়োৰ দেহাৱসান…

May 29, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে এক দুখবৰ।

তামুলপুৰৰ বিধায়ক লেহুৰাম বড়োৰ দেহাৱসান।

গুৱাহাটী মেডিকেল কলেজত মৃত্যু বিধায়ক লেহুৰাম বড়োৰ।

মৃত্যুৰ সময়ত ক’ভিড পজিটিভ আছিল UPPLৰ বিধায়কগৰাকী।

তামুলপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল UPPLৰ বিধায়ক লেহুৰাম বড়ো।

প্ৰথম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত আছিল।

অৱসৰৰ পিছত প্ৰথমবাৰৰ বাবে UPPL দলৰ হৈ তামুলপুৰ বিধানসভা সমষ্টি পৰা প্ৰতিদ্বন্দিতা আগ আগবঢ়াই বিপুল সংখ্যক ভোট জয়লাভ কৰিছিল বড়োই।

বড়োৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে।